ছূৰা 2 · জুজ 3

Al-Baqarah · 2:266

أَيَوَدُّ أَحَدُكُمْ أَنْ تَكُونَ لَهُ جَنَّةٌ مِنْ نَخِيلٍ وَأَعْنَابٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ لَهُ فِيهَا مِنْ كُلِّ الثَّمَرَاتِ وَأَصَابَهُ الْكِبَرُ وَلَهُ ذُرِّيَّةٌ ضُعَفَاءُ فَأَصَابَهَا إِعْصَارٌ فِيهِ نَارٌ فَاحْتَرَقَتْ ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَتَفَكَّرُونَ

তোমালোকৰ কোনোবাই বিচৰা নে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, যাৰ মাজেৰে নদী প্ৰবাহিত থাকিব লগতে সেই উদ্যানত তাৰ বাবে সকলো ধৰণৰ ফলমূল থাকিব, তেনে অৱস্থাত তাৰ বাৰ্ধক্য অৱস্থা আহি পাব আৰু তাৰ কিছুমান দুৰ্বল সন্তান-সন্ততি থাকিব, ইয়াৰ পিছত তাৰ এই উদ্যানৰ ওপৰত এটা অগ্নিসহ প্ৰচণ্ড ঘুৰ্ণি বতাহে উদ্যানটো দাহ কৰি যাব? এনেকৈ আল্লাহে তেওঁৰ নিদৰ্শনসমূহ তোমালোকৰ বাবে সুস্পষ্টভাবে ব্যক্ত কৰে, যাতে তোমালোকে চিন্তা-ভাৱনা আৰু গৱেষণা কৰা।

তাফছীৰ

তোমালোকৰ কোনোবাই এনেকুৱা আশা কৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, তাৰ মাজেৰে নিজৰা প্ৰবাহিত হওঁক। লগতে সেই উদ্যানত সকলো ধৰণৰ ফলমূল হওঁক। কিন্তু সেই উদ্যানৰ গৰাকী ইমান বয়সীয়াল যে, সি উপাৰ্জন কৰাৰ আৰু কৰ্ম কৰাৰো শক্তি নাই। কিন্তু তাৰ সৰু সৰু দুৰ্বল লৰা-ছোৱালী আছে, সিহঁতেও কাম কৰা বয়সত উপনীত হোৱা নাই। কিন্তু হঠাৎ এনেকুৱা ধুমুহা আহিল য’ত আছে প্ৰচণ্ড জুই, আৰু সেই ধুমুহাই গোটেই উদ্যানটোক জ্বলাই পেলালে। যদিও বৃদ্ধাৱস্থাত উপনীত হোৱাৰ কাৰণে আৰু সৰু সৰু লৰা ছোৱালী থকাৰ বাবে সেই উদ্যানটো আছিল তাৰ বাবে অতি আৱশ্যকীয়। এতেকে মানুহক দেখুৱাবলৈ দান (নেক কৰ্ম) কৰা ব্যক্তিৰ অৱস্থাও সেই ব্যক্তিৰ দৰেই। সি ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত এনেকুৱা সময়ত উপস্থিত হব যেতিয়া তাৰ নেকীৰ খুবেই প্ৰয়োজন হব। আল্লাহে এই দৰেই বিস্তাৰিত বৰ্ণনা কৰে যে, পৃথিৱী আৰু আখিৰাতত কোনটো বস্তু তোমালোকৰ বাবে উপকাৰী যাতে তোমালোকে চিন্তা-চৰ্চা কৰিব পাৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক