ছূৰা 2 · জুজ 3
Al-Baqarah · 2:269
يُؤْتِي الْحِكْمَةَ مَنْ يَشَاءُ ۚ وَمَنْ يُؤْتَ الْحِكْمَةَ فَقَدْ أُوتِيَ خَيْرًا كَثِيرًا ۗ وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ
তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।
তাফছীৰ
আল্লাহে যাক ইচ্ছা কৰে কথাত সত্যতা আৰু কৰ্মত শুদ্ধতা প্ৰদান কৰে। আৰু যাক এই গুণ প্ৰদান কৰা হৈছে তাক অসংখ্য কল্যাণ প্ৰদান কৰা হৈছে। আল্লাহৰ নিদৰ্শনৰ পৰা কেৱল সেইজন বুদ্ধিমানেই শিক্ষা গ্ৰহণ কৰে যিয়ে তেওঁৰ নুৰৰ পৰা পোহৰ গ্ৰহণ কৰে আৰু তেওঁৰ নিৰ্দেশিত পথত পৰিচালিত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক