ছূৰা 2 · জুজ 3

Al-Baqarah · 2:262

الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ فِي سَبِيلِ اللَّهِ ثُمَّ لَا يُتْبِعُونَ مَا أَنْفَقُوا مَنًّا وَلَا أَذًى ۙ لَهُمْ أَجْرُهُمْ عِنْدَ رَبِّهِمْ وَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

যিসকলে আল্লাহৰ পথত নিজৰ ধন-সম্পদ ব্যয় কৰে তাৰ পিছত যি ব্যয় কৰে সেয়া লোকক কৈ নুফুৰে আৰু কোনো প্ৰকাৰ কষ্টও নিদিয়ে, সিহঁতৰ প্ৰতিদান আছে সিহঁতৰ প্ৰতিপালকৰ ওচৰত আৰু সিহঁতৰ কোনো ভয় নাই লগতে সিহঁতে চিন্তিতও নহ’ব।

তাফছীৰ

যি সকলে নিজৰ সম্পদ আল্লাহৰ অনুসৰণ আৰু তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবে ব্যয় কৰে, আৰু ব্যয় কৰাৰ পিছত এনেকুৱা কোনো কাম নকৰে যাৰ ফলত তাৰ আমল বিনষ্ট হৈ যাব, যেনেঃ মানুহৰ প্ৰতি সহায় সহযোগিতা কৰি সেই কথা গাই নুফুৰে। সিহঁতৰ ছোৱাব সিহঁতৰ প্ৰতিপালকৰ ওচৰত আছে। সিহঁতে এনেকুৱা অনুগ্ৰহ প্ৰাপ্ত হব যাৰ ফলত ভৱিষ্যতৰ কোনো চিন্তা নাথাকিব আৰু অতীতৰ প্ৰতিও কোনো দুখ নহব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক