ছূৰা 2 · জুজ 3

Al-Baqarah · 2:261

مَثَلُ الَّذِينَ يُنْفِقُونَ أَمْوَالَهُمْ فِي سَبِيلِ اللَّهِ كَمَثَلِ حَبَّةٍ أَنْبَتَتْ سَبْعَ سَنَابِلَ فِي كُلِّ سُنْبُلَةٍ مِائَةُ حَبَّةٍ ۗ وَاللَّهُ يُضَاعِفُ لِمَنْ يَشَاءُ ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ

যিসকলে নিজৰ ধন-সম্পদ আল্লাহৰ পথত ব্যয় কৰে সিহঁতৰ উদাহৰণ শস্যৰ এটা বীজৰ দৰে, যিটোৰ পৰা সাতটা সিজা ওলায়, প্ৰত্যেক সিজাত এশ শস্য দানা; আৰু আল্লাহে যাক ইচ্ছা কৰে বহু গুণে বৃদ্ধি কৰি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।

তাফছীৰ

আল্লাহৰ পথত ব্যয়কাৰী মুমিনসকলৰ ছোৱাবৰ উদাহৰণ এটা শস্য দানাৰ দৰে, যিটোক কৃষকে ভাল মাটিত ৰোপন কৰে, তাৰ পিছত ইয়াৰ পৰা সাত টা সিজা ওলায়, আৰু প্ৰতিটো সিজাত এশ টাকৈ দানা থাকে। আল্লাহে তেওঁৰ বান্দাসকলৰ যাক ইচ্ছা কৰে তাৰ ছোৱাব বৃদ্ধি কৰি দিয়ে আৰু তাক অগণন প্ৰতিফল প্ৰদান কৰে। আল্লাহ বৰ অনুগ্ৰহশীল আৰু প্ৰদানকাৰী। আৰু তেওঁ ভালকৈয়ে জানে কোনে অধিক পোৱাৰ বেছি হকদাৰ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক