ছূৰা 2 · জুজ 3
Al-Baqarah · 2:263
۞ قَوْلٌ مَعْرُوفٌ وَمَغْفِرَةٌ خَيْرٌ مِنْ صَدَقَةٍ يَتْبَعُهَا أَذًى ۗ وَاللَّهُ غَنِيٌّ حَلِيمٌ
যি দানৰ পিছত কষ্ট দিয়া হয় সেই দানতকৈ ভাল কথা আৰু ক্ষমা কৰা উত্তম, আৰু আল্লাহ অভাৱমুক্ত, পৰম সহনশীল।
তাফছীৰ
ভাল কথাই মুমিনৰ অন্তৰত আনন্দ দিয়ে লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়াটো সেই দানতকৈ উত্তম, যি দান দিয়াৰ পিছত মানুহৰ মাজত প্ৰচাৰ কৰি দানকৃত ব্যক্তিক কষ্ট দিয়া হয়। আল্লাহ তেওঁৰ বান্দাসকলৰ পৰা অমুখাপেক্ষী। তেওঁ বৰ সহনশীল, শাস্তি প্ৰদানত খৰখেদা নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক