ছূৰা 2 · জুজ 2

Al-Baqarah · 2:247

وَقَالَ لَهُمْ نَبِيُّهُمْ إِنَّ اللَّهَ قَدْ بَعَثَ لَكُمْ طَالُوتَ مَلِكًا ۚ قَالُوا أَنَّىٰ يَكُونُ لَهُ الْمُلْكُ عَلَيْنَا وَنَحْنُ أَحَقُّ بِالْمُلْكِ مِنْهُ وَلَمْ يُؤْتَ سَعَةً مِنَ الْمَالِ ۚ قَالَ إِنَّ اللَّهَ اصْطَفَاهُ عَلَيْكُمْ وَزَادَهُ بَسْطَةً فِي الْعِلْمِ وَالْجِسْمِ ۖ وَاللَّهُ يُؤْتِي مُلْكَهُ مَنْ يَشَاءُ ۚ وَاللَّهُ وَاسِعٌ عَلِيمٌ

আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘নিশ্চয় আল্লাহে তালুতক তোমালোকৰ বাবে ৰজা হিচাপে প্ৰেৰণ কৰিছে’। সিহঁতে ক’লে, ‘তাৰ ৰাজত্ব আমাৰ ওপৰত কেনেকৈ সম্ভৱ? অথচ আমি তাতকৈ ৰাজত্বৰ বেছি হকদাৰ আৰু তাক প্ৰচুৰ ঐশ্বৰ্যও দিয়া হোৱা নাই’! তেওঁ ক’লে, ‘আল্লাহে নিশ্চয় তাক তোমালোকৰ বাবে মনোনীত কৰিছে আৰু তেওঁ তাক জ্ঞান আৰু শাৰীৰিকভাৱে সমৃদ্ধ কৰিছে; আৰু আল্লাহে যাক ইচ্ছা নিজ ৰাজত্ব প্ৰদান কৰে আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ’।

তাফছীৰ

সিহঁতৰ নবীয়ে সিহঁতক কলেঃ আল্লাহে তালূতক তোমালোকৰ বাবে বাদশ্বাহ নিযুক্ত কৰিছে, যাতে তোমালোকে তেওঁৰ পতাকাৰ তলত যুদ্ধ কৰা। তেতিয়া সিহঁতৰ প্ৰমুখসকলে অভিযোগ কৰি কলেঃ সি আমাৰ বাদশ্বাহ কেনেকৈ হব পাৰে? তাতকৈ আমিহে বাদশ্বাহ হোৱাৰ বেছি উপযুক্ত। তাৰ পুৰ্বপুৰুষৰ কোনেও বাদশ্বাহ নাছিল আনহাতে সি ঐশৰ্যশীলো নহয় যে, নিজৰ সম্পত্তিৰে ৰাজত্বত সহায় কৰিব। সিহঁতৰ নবীয়ে কৈছিলঃ আল্লাহে তেওঁক তোমালোকৰ বাবে নিৰ্বাচন কৰিছে লগতে তেওঁক অধিক জ্ঞান আৰু শাৰীৰিক শক্তি প্ৰদান কৰিছে। দৰাচলতে আল্লাহে তেওঁৰ প্ৰজ্ঞা আৰু কৃপাত যাক ইচ্ছা তাকে ৰাজত্ব প্ৰদান কৰে। আল্লাহ অতি অনুগ্ৰহশীল, যাক ইচ্ছা প্ৰদান কৰে। তথা তেওঁ নিজৰ উপযুক্ত বান্দাসকলৰ বিষয়ে সম্যক অৱগত।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক