ছূৰা 2 · জুজ 2
Al-Baqarah · 2:248
وَقَالَ لَهُمْ نَبِيُّهُمْ إِنَّ آيَةَ مُلْكِهِ أَنْ يَأْتِيَكُمُ التَّابُوتُ فِيهِ سَكِينَةٌ مِنْ رَبِّكُمْ وَبَقِيَّةٌ مِمَّا تَرَكَ آلُ مُوسَىٰ وَآلُ هَارُونَ تَحْمِلُهُ الْمَلَائِكَةُ ۚ إِنَّ فِي ذَٰلِكَ لَآيَةً لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ
আৰু সিহঁতৰ নবীয়ে সিহঁতক কৈছিল, ‘তাৰ ৰাজত্বৰ নিদৰ্শন এই যে, তোমালোকৰ ওচৰত তাবূত আহিব য’ত তোমালোকৰ প্ৰতিপালকৰ পৰা প্ৰশান্তি লগতে মুছা আৰু হাৰূন বংশীয়সকলে যি পৰিত্যাগ কৰিছে তাৰে অৱশিষ্টাংশ থাকিব; ফিৰিস্তাসকলে সেইটো বহন কৰি আনিব। যদি তোমালোকে মুমিন হোৱা নিশ্চয় তোমালোকৰ বাবে ইয়াত নিদৰ্শন আছে’।
তাফছীৰ
সিহঁতৰ নবীয়ে সিহঁতক কলেঃ তোমালোকৰ ওপৰত ৰাজত্ব কৰিবলৈ তেওঁক যে সঠিকভাৱে নিৰ্বাচন কৰা হৈছে তাৰ প্ৰমাণ এই যে, আল্লাহে তোমালোকক তাবূত ওভোতাই দিব। -বনী ইছৰাঈলে এই তাবূতক সন্মান কৰিছিল কিন্তু সিহঁতৰ পৰা এই তাবূত কাঢ়ি লোৱা হৈছিল-। ইয়াৰ ভিতৰত তোমালোকৰ বাবে আছে সন্তুষ্টি লগতে মুছা আৰু হাৰূনৰ ঘৰৰ অৱশিষ্ট সামগ্ৰী। যেনে- মুছাৰ লাখুটি আৰু কিছুমান ফলক। নিশ্চয় ইয়াৰ মাজত আছে তোমালোকৰ বাবে স্পষ্ট নিদৰ্শন; যদি তোমালোকে সঁচাই ঈমান আনিছা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক