ছূৰা 2 · জুজ 2
Al-Baqarah · 2:246
أَلَمْ تَرَ إِلَى الْمَلَإِ مِنْ بَنِي إِسْرَائِيلَ مِنْ بَعْدِ مُوسَىٰ إِذْ قَالُوا لِنَبِيٍّ لَهُمُ ابْعَثْ لَنَا مَلِكًا نُقَاتِلْ فِي سَبِيلِ اللَّهِ ۖ قَالَ هَلْ عَسَيْتُمْ إِنْ كُتِبَ عَلَيْكُمُ الْقِتَالُ أَلَّا تُقَاتِلُوا ۖ قَالُوا وَمَا لَنَا أَلَّا نُقَاتِلَ فِي سَبِيلِ اللَّهِ وَقَدْ أُخْرِجْنَا مِنْ دِيَارِنَا وَأَبْنَائِنَا ۖ فَلَمَّا كُتِبَ عَلَيْهِمُ الْقِتَالُ تَوَلَّوْا إِلَّا قَلِيلًا مِنْهُمْ ۗ وَاللَّهُ عَلِيمٌ بِالظَّالِمِينَ
তুমি মুছাৰ পৰবৰ্তী ইছৰাঈল বংশীয় নেতাসকলক দেখা নাইনে? সিহঁতে যেতিয়া সিহঁতৰ নবীক কৈছিল, ‘আমাৰ বাবে এজন ৰজা নিযুক্ত কৰা যাতে আমি আল্লাহৰ পথত যুদ্ধ কৰিব পাৰো’, তেওঁ ক’লে, ‘এনেকুৱা নহয়তো আকৌ যে, তোমালোকক যুদ্ধৰ বিধান দিয়া হ’লে তেতিয়া তোমালোকে আৰু যুদ্ধ নকৰিবা’? সিহঁতে ক’লে, ‘আমি যিহেতু নিজৰ আবাসভূমি আৰু নিজ সন্তান-সন্ততিৰ পৰা বহিষ্কৃত হৈছো, তেতিয়াহ’লে আল্লাহৰ পথত কিয় যুদ্ধ নকৰিম’? এতেকে যেতিয়া সিহঁতৰ প্ৰতি যুদ্ধৰ বিধান দিয়া হ’ল তেতিয়া সিহঁতৰ কিছুমানৰ বাহিৰে আটায়ে পৃষ্ঠ প্ৰদৰ্শন কৰিলে; আৰু আল্লাহে যালিমসকলৰ বিষয়ে ভালকৈ অৱগত।
তাফছীৰ
হে নবী! মুছা আলাইহিচ ছালামৰ সময়ৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰমূখসকলৰ খবৰ আপোনাৰ ওচৰত আহি পোৱা নাইনে? যেতিয়া সিহঁতে নিজ নবীক কৈছিলঃ আমাৰ বাবে এজন ৰজা পাতি দিয়ক। আমি তেওঁৰ লগত থাকি আল্লাহৰ পথত যুদ্ধ কৰিম। সিহঁতৰ নবীয়ে সিহঁতক কৈছিলঃ ভাৱি চোৱা! আল্লাহে তোমালোকৰ ওপৰত যুদ্ধ অনিবাৰ্য কৰাৰ পিছত যাতে তোমালোকে যুদ্ধৰ পৰা বিৰত নাথাকা। সিহঁতে নবীৰ ধাৰণাক খণ্ডন কৰি কৈছিলঃ “যুদ্ধৰ সকলো উপকৰণ থকাৰ পিছতো আমি কিয় যুদ্ধৰ পৰা বিৰত থাকিম? অথচ শত্ৰুসকলে আমাক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিছে আৰু আমাৰ সন্তানসকলক বন্দী কৰিছে। সেয়ে আমি নিজ দেশত উভতি যোৱাৰ বাবে আৰু কয়েদীসকলক মুক্ত কৰাৰ বাবে সিহঁতৰ লগত যুদ্ধ কৰিম”। কিন্তু আল্লাহে যুদ্ধ ফৰজ কৰি দিয়াৰ পিছত কিছুসংখ্যক লোকৰ বাহিৰে আন সকলোৱে মুখ ঘূৰাই ল’লে আৰু প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গ’ল। অথচ আল্লাহে তেওঁৰ আদেশৰ পৰা মুখ ঘূৰাই লোৱা সকলক তথা আৰু তেওঁৰ প্ৰতিশ্ৰুতি ভঙ্গকাৰী অন্যায়কাৰী সকলক ভালকৈ জানে, আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিফল প্ৰদান কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক