ছূৰা 2 · জুজ 2
Al-Baqarah · 2:245
مَنْ ذَا الَّذِي يُقْرِضُ اللَّهَ قَرْضًا حَسَنًا فَيُضَاعِفَهُ لَهُ أَضْعَافًا كَثِيرَةً ۚ وَاللَّهُ يَقْبِضُ وَيَبْسُطُ وَإِلَيْهِ تُرْجَعُونَ
কোন আছে, যিয়ে আল্লাহক উত্তম ঋণ প্ৰদান কৰিব? তেওঁ তাৰ বাবে ইয়াক বহুগুণে বৃদ্ধি কৰিব; আৰু আল্লাহেই সংকুচিত আৰু সম্প্ৰসাৰিত কৰে আৰু তেওঁৰ পিনেই তোমালোকক প্ৰত্যাবৰ্তিত কৰা হ’ব।
তাফছীৰ
কোন আছে যিয়ে ঋনদাতাৰ দৰে কাম কৰিব, সৎ নিয়ত আৰু সন্তুষ্টচিত্তে আল্লাহৰ পথত নিজৰ সম্পদ ব্যয় কৰিব যাতে অধিক মাত্ৰাত ঘূৰাই পায়। আল্লাহে তেওঁৰ হিকমত আৰু ন্যায় মুতাবিক জীৱিকা আৰু স্বাস্থ্য প্ৰদান কৰে অথবা ইয়াৰ পৰা বঞ্চিত কৰে। আখিৰাতত তোমালোকক তেওঁৰ পিনেই ওভোতাই নিয়া হব। তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক