ছূৰা 2 · জুজ 2

Al-Baqarah · 2:240

وَالَّذِينَ يُتَوَفَّوْنَ مِنْكُمْ وَيَذَرُونَ أَزْوَاجًا وَصِيَّةً لِأَزْوَاجِهِمْ مَتَاعًا إِلَى الْحَوْلِ غَيْرَ إِخْرَاجٍ ۚ فَإِنْ خَرَجْنَ فَلَا جُنَاحَ عَلَيْكُمْ فِي مَا فَعَلْنَ فِي أَنْفُسِهِنَّ مِنْ مَعْرُوفٍ ۗ وَاللَّهُ عَزِيزٌ حَكِيمٌ

আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে যেন সিহঁতৰ স্ত্ৰীসকলক ঘৰৰ পৰা উলিয়াই নিদিয়ে আৰু যেন সিহঁতৰ বাবে সম্পূৰ্ণ এবছৰৰ ভৰণ-পোষণৰ অছিয়ত কৰে। কিন্তু যদি সিহঁত (নিজ ইচ্ছাতে) ওলাই যায়, তেন্তে বিধি মুতাবিক সিহঁতে নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নহয়; আৰু আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়।

তাফছীৰ

তোমালোকৰ মাজত যিয়ে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে স্ত্ৰীৰ বাবে অছিয়ত কৰি যোৱা আৱশ্যক যে, তাৰ মৃত্যুৰ পিছত যাতে স্ত্ৰীক এবছৰ লৈকে ঘৰত থাকিব দিয়ে। লগতে সম্পূৰ্ণ এবছৰৰ খৰচ বহন কৰিব লাগিব আৰু উত্তৰাধিকাৰীসকলেও সিহঁতক ঘৰৰ পৰা উলিয়াব নোৱাৰিব। এনেকুৱা আদেশ সিহঁতৰ দুখ হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু মৃত ব্যক্তিৰ লগত আনুগত্য পূৰণ কৰা বাবে দিয়া হৈছে। যদি সিহঁতে এবছৰ পূৰ্ণ হোৱাৰ আগতে স্ব-ইচ্ছা ঘৰৰ পৰা ওলাই যায় তেন্তে তোমালোকৰ কোনো দোষ নাই, লগতে সিহঁতে সৌন্দৰ্যৰ বস্তু আৰু সুগন্ধি ব্যৱহাৰ কৰাতো কোনো অসুবিধা নাই। নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে। তেওঁ পৰিমাণ, নিয়ন্ত্ৰণ আৰু বিধান প্ৰস্তুত কৰাত প্ৰজ্ঞাৱান। সাধাৰণ তাফছীৰবিদ সকলৰ মতে এই আয়াতটো আল্লাহৰ এই বাণীৰ দ্বাৰা ৰহিত হৈছেঃ আৰু তোমালোকৰ মাজত যিসকলে স্ত্ৰী থৈ মৃত্যুবৰণ কৰে, সিহঁতে (স্ত্ৰীসকলে) চাৰি মাহ দহ দিন অপেক্ষা কৰিব। তাৰ পিছত যেতিয়া সিহঁতে নিজৰ ইদ্দতকাল পূৰ্ণ কৰিব, তেতিয়া বিধি মুতাবিক নিজৰ বাবে যি কৰিব তাত তোমালোকৰ কোনো পাপ নাই; আৰু তোমালোকে যি কৰা সেই বিষয়ে আল্লাহ সম্যক অৱগত। (ছুৰা আল-বাক্বাৰাহঃ ২৩৪)

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক