ছূৰা 2 · জুজ 2
Al-Baqarah · 2:239
فَإِنْ خِفْتُمْ فَرِجَالًا أَوْ رُكْبَانًا ۖ فَإِذَا أَمِنْتُمْ فَاذْكُرُوا اللَّهَ كَمَا عَلَّمَكُمْ مَا لَمْ تَكُونُوا تَعْلَمُونَ
কিন্তু যদি তোমালোকে বিপদ আশংকা কৰা, তেন্তে খোজকঢ়া অথবা আৰোহী অৱস্থাতেই ছালাত আদায় কৰিবা। তাৰ পিছত যেতিয়া তোমালোকে নিৰাপদ বোধ কৰিবা তেতিয়া আল্লাহক স্মৰণ কৰিবা, যেনেকৈ তেওঁ তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা।
তাফছীৰ
যদি শত্ৰুৰ ভয় থাকে আৰু ছালাত সম্পূৰ্ণৰূপে আদায় কৰিব নোৱাৰা তেন্তে খোজকাঢ়ি থকা অৱস্থাত অথবা উট, ঘোঁৰা আদিৰ ওপৰত আৰোহণ কৰা অৱস্থাত নাইবা যি অৱস্থাতে পঢ়িব পাৰা, সেই অৱস্থাতে আদায় কৰি লোৱা। পাছত যেতিয়া ভয় দূৰ হ'ব তেতিয়া আল্লাহক স্মৰণ কৰিবা সকলো প্ৰকাৰ জিকৰ-আজকাৰৰ জৰিয়তে। পৰিপূৰ্ণৰূপে ছালাত আদায় কৰাটোও ইয়াৰেই অন্তৰ্ভুক্ত। তেওঁক স্মৰণ কৰাৰ কাৰণ হৈছে, তেৱেঁই তোমালোকক সেই জ্যোতি আৰু হিদায়তৰ শিক্ষা দিছে যিটো তোমালোকে আগতে জনা নাছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক