ছূৰা 2 · জুজ 2
Al-Baqarah · 2:237
وَإِنْ طَلَّقْتُمُوهُنَّ مِنْ قَبْلِ أَنْ تَمَسُّوهُنَّ وَقَدْ فَرَضْتُمْ لَهُنَّ فَرِيضَةً فَنِصْفُ مَا فَرَضْتُمْ إِلَّا أَنْ يَعْفُونَ أَوْ يَعْفُوَ الَّذِي بِيَدِهِ عُقْدَةُ النِّكَاحِ ۚ وَأَنْ تَعْفُوا أَقْرَبُ لِلتَّقْوَىٰ ۚ وَلَا تَنْسَوُا الْفَضْلَ بَيْنَكُمْ ۚ إِنَّ اللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু তোমালোকে যদি সিহঁতক স্পৰ্শ কৰাৰ আগতে তালাক্ব দিয়া, অথচ সিহঁতৰ বাবে মোহৰ ধাৰ্য কৰিছা, তেন্তে যি নিৰ্ধাৰণ কৰিছা তাৰ আধা (আদায় দিয়া)। কিন্তু যদি স্ত্ৰীসকলে ক্ষমা কৰি দিয়ে অথবা যাৰ হাতত বিবাহৰ বন্ধন সি যদি মাফ কৰি দিয়ে, আৰু ক্ষমা কৰি দিয়াটোৱেই তাক্বৱাৰ সান্নিধ্য; আৰু তোমালোকে নিজৰ মাজত অনুগ্ৰহৰ কথা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া সবিশেষ প্ৰত্যক্ষকাৰী।
তাফছীৰ
যদি তোমালোকে সহবাস কৰাৰ আগতে স্ত্ৰীক তালাক্ব দিয়া আৰু তোমালোকে সিহঁতৰ বাবে দিবলগীয়া মোহৰানা নিৰ্ধাৰণো কৰিছা তেন্তে নিৰ্ধাৰিত মোহৰানাৰ অৰ্ধ ভাগ আদায় দিব লাগিব। কিন্তু যদি সিহঁত বিবেকৱান হয় আৰু তোমালোকক ক্ষমা কৰি দিয়ে নাইবা স্বামীয়ে যদি উদাৰতা দেখুৱাই সম্পূৰ্ণ মোহৰানা আদায় কৰি দিয়ে তেন্তে এনে কৰাত কোনো অসুবিধা নাই। তোমালোকৰ পৰস্পৰ অধিকাৰৰ ক্ষেত্ৰত ক্ষমাৰ পথ অৱলম্বন কৰাটো আল্লাহৰ ভয় আৰু আনুগত্যৰ অধিক নিকটৱৰ্তী। এতেকে হে মানৱজাতি! পৰস্পৰৰ অধিকাৰ খৰ্ব নকৰিবা। নিশ্চয় আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। সেয়ে বেছি বেছি সত্কৰ্ম কৰা, যাতে আল্লাহৰ ওচৰত উত্তম প্ৰতিদান পোৱা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক