ছূৰা 2 · জুজ 2

Al-Baqarah · 2:236

لَا جُنَاحَ عَلَيْكُمْ إِنْ طَلَّقْتُمُ النِّسَاءَ مَا لَمْ تَمَسُّوهُنَّ أَوْ تَفْرِضُوا لَهُنَّ فَرِيضَةً ۚ وَمَتِّعُوهُنَّ عَلَى الْمُوسِعِ قَدَرُهُ وَعَلَى الْمُقْتِرِ قَدَرُهُ مَتَاعًا بِالْمَعْرُوفِ ۖ حَقًّا عَلَى الْمُحْسِنِينَ

যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ নকৰি অথবা মোহৰ নিৰ্ধাৰণ নকৰি তালাক্ব দিয়া তেন্তে তোমালোকৰ কোনো পাপ নহয়; আৰু তোমালোকে সিহঁতৰ বাবে কিবা সংস্থান কৰি দিবা, সচ্ছলে তাৰ সাধ্যমতে আৰু অসচ্ছলে তাৰ সামৰ্থানুযায়ী, বিধিমতে সংস্থান কৰিব, এইটো সৎকৰ্মশীল লোকৰ কৰ্তব্য।

তাফছীৰ

যদি তোমালোকে বিবাহ কৰাৰ পিছত সহবাস আৰু মোহৰানা নিৰ্ধাৰণ কৰাৰ আগতে স্ত্ৰীক তালাক দিয়া, তেন্তে কোনো গুনাহ নাই। লগতে এনে অৱস্থাত তালাক্ব দিলে তোমালোকৰ ওপৰত মোহৰানা ওৱাজিব নহব। কিন্তু স্বামী ধনী হওঁক অথবা দৰিদ্ৰ নিজৰ সামৰ্থ অনুযায়ী তাইক কিবা কিবি দিব লাগিব, যাতে তাই উপকৃত হয় আৰু অন্তৰক বুজনি দিব পাৰে। এই দান সত্কৰ্মকাৰীসকলৰ বাবে এটা কৰ্তব্য, যিসকলে নিজৰ কৰ্ম আৰু লেনদেনত সততা অৱলম্বন কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক