ছূৰা 2 · জুজ 2
Al-Baqarah · 2:232
وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَلَا تَعْضُلُوهُنَّ أَنْ يَنْكِحْنَ أَزْوَاجَهُنَّ إِذَا تَرَاضَوْا بَيْنَهُمْ بِالْمَعْرُوفِ ۗ ذَٰلِكَ يُوعَظُ بِهِ مَنْ كَانَ مِنْكُمْ يُؤْمِنُ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۗ ذَٰلِكُمْ أَزْكَىٰ لَكُمْ وَأَطْهَرُ ۗ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত সিহঁতে যদি বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজত যিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান ৰাখে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।
তাফছীৰ
যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তিনিটাতকৈ কম তালাক দিয়া আৰু সিহঁতে ইদ্দতৰ সময় সম্পূৰ্ণ কৰে; তাৰ পাছত সিহঁতে যদি আকৌ নতুনকৈ বিবাহ পাতি স্বামীৰ ওচৰত পুনৰ উভতি যাব বিচাৰে লগতে স্বামী স্ত্ৰী উভয়ে যদি এই সিদ্ধান্তত সহমত পোষণ কৰে তেন্তে অভিভাৱকসকলে এনে কৰাত বাধা দিয়া উচিত নহয়। এই আদেশ সেইসকল অভিভাৱকক দিয়া হৈছে যিসকলে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে। এনে কৰিলে তোমালোকৰ মাজত সত্কৰ্ম বৃদ্ধি পাব লগতে তোমালোকৰ সন্মান আৰু আমল অধিক পৱিত্ৰ থাকিব। নিশ্চয় আল্লাহ সকলো কৰ্মৰ বাস্তৱতা আৰু পৰিণাম সম্পৰ্কে অৱগত, আনহাতে তোমালোকে এই বিষয়ে একো নাজানা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক