ছূৰা 2 · জুজ 2
Al-Baqarah · 2:233
۞ وَالْوَالِدَاتُ يُرْضِعْنَ أَوْلَادَهُنَّ حَوْلَيْنِ كَامِلَيْنِ ۖ لِمَنْ أَرَادَ أَنْ يُتِمَّ الرَّضَاعَةَ ۚ وَعَلَى الْمَوْلُودِ لَهُ رِزْقُهُنَّ وَكِسْوَتُهُنَّ بِالْمَعْرُوفِ ۚ لَا تُكَلَّفُ نَفْسٌ إِلَّا وُسْعَهَا ۚ لَا تُضَارَّ وَالِدَةٌ بِوَلَدِهَا وَلَا مَوْلُودٌ لَهُ بِوَلَدِهِ ۚ وَعَلَى الْوَارِثِ مِثْلُ ذَٰلِكَ ۗ فَإِنْ أَرَادَا فِصَالًا عَنْ تَرَاضٍ مِنْهُمَا وَتَشَاوُرٍ فَلَا جُنَاحَ عَلَيْهِمَا ۗ وَإِنْ أَرَدْتُمْ أَنْ تَسْتَرْضِعُوا أَوْلَادَكُمْ فَلَا جُنَاحَ عَلَيْكُمْ إِذَا سَلَّمْتُمْ مَا آتَيْتُمْ بِالْمَعْرُوفِ ۗ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ بِمَا تَعْمَلُونَ بَصِيرٌ
আৰু মাকে সিহঁতৰ সন্তানসকলক পূৰ্ণ দুবছৰ স্তন্য পান কৰাব, এইটো তাৰ বাবে যিয়ে স্তন্যপান কৰোৱাৰ সময় পূৰ্ণ কৰিব বিচাৰে। পিতাৰ কৰ্তব্য হৈছে বিধি মুতাবিক সিহঁতৰ (মাতৃসকলৰ) ভৰণ-পোষণ কৰা। সাধ্যৰ অতিৰিক্ত কোনো ব্যক্তিক দায়িত্ব প্ৰদান কৰা নহয়। কোনো মাতৃক তাইৰ সন্তানৰ বাবে আৰু যাৰ সন্তান (পিতা) তাকো তাৰ সন্তানৰ বাবে কষ্ট দিয়া উচিত নহয়, আৰু উত্তৰাধিকাৰিৰো সেই একেই কৰ্তব্য। কিন্তু যদি সিহঁতে পৰস্পৰৰ সন্মতি আৰু পৰামৰ্শক্ৰমে স্তন্যপান বন্ধ ৰাখিব বিচাৰে, তেন্তে সিহঁতৰ কোনো অপৰাধ নহ’ব; আৰু যদি তোমালোকে (কোনো ধাত্ৰীৰ দ্বাৰা) তোমালোকৰ সন্তানসকলক স্তন্য পান কৰাব বিচৰা, তেন্তে যদি তোমালোকে প্ৰচলিত বিধি মুতাবিক বিনিময় প্ৰদান কৰা তেন্তে তোমালোকৰ কোনো পাপ নহ’ব; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, তোমালোকে যি কৰা নিশ্চয় আল্লাহ সেয়া প্ৰত্যক্ষকাৰী।
তাফছীৰ
মাতৃসকলে নিজৰ সন্তানক সম্পূৰ্ণ দুবছৰ গাখীৰ খোৱাব। দুবছৰৰ এই সময় সীমা সেই ব্যক্তিৰ বাবে, যিয়ে গাখীৰ খোৱাৰ ম্যাদ সম্পূৰ্ণ কৰিব বিচাৰে। তালাকপ্ৰাপ্তা মাকক গাখীৰ পান কৰোৱাৰ বিনিময়ত শিশুৰ পিতৃয়ে প্ৰচলিত নিয়মানুসাৰে খৰচ বহন কৰিব লাগিব, এনেকুৱা নিয়ম যিটো চৰীয়ত বিৰোধী নহয়। আল্লাহে কোনো ব্যক্তিৰ ওপৰত তাৰ সাধ্যাতীত কোনো বোজা অৰ্পন নকৰে। পিতৃ-মাতৃয়ে শিশুক ইজনে সিজনক আঘাত দিয়াৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত নহয়। আৰু যদি পিতৃ নাথাকে আৰু শিশুৰ ওচৰত সম্পত্তিও নাথাকে তেন্তে শিশুৰ উত্তৰাধিকাৰীসকলৰ ওপৰতো সিমানেই অধিকাৰ আছে যিমান পিতৃৰ ওপৰত আছে। যদি পিতৃ-মাতৃ উভয়ে দুবছৰত গাখীৰ এৰোৱাব খোজে লগতে উভয়ে শিশুৰ উপকাৰ সন্মুখত ৰাখি পৰামৰ্শ কৰাৰ পিছত এই নিৰ্ণয় লয় তেন্তে সিহঁতৰ কোনো গুনাহ নহব। আৰু যদি তোমালোকে নিজৰ শিশুৰ বাবে মাকৰ বাহিৰে আন কোনো ধাত্ৰীৰ জৰিয়তে স্তন পান কৰোৱাব বিচৰা তেন্তে তোমালোকৰ কোনো গুনাহ নহয়, যদি তোমালোকে ধাত্ৰীক তাইৰ পাৰিশ্ৰমিক সুকলমে আদায় দিয়া। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ তোমালোকৰ আমল সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ কোনো আমল তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক