ছূৰা 2 · জুজ 2
Al-Baqarah · 2:231
وَإِذَا طَلَّقْتُمُ النِّسَاءَ فَبَلَغْنَ أَجَلَهُنَّ فَأَمْسِكُوهُنَّ بِمَعْرُوفٍ أَوْ سَرِّحُوهُنَّ بِمَعْرُوفٍ ۚ وَلَا تُمْسِكُوهُنَّ ضِرَارًا لِتَعْتَدُوا ۚ وَمَنْ يَفْعَلْ ذَٰلِكَ فَقَدْ ظَلَمَ نَفْسَهُ ۚ وَلَا تَتَّخِذُوا آيَاتِ اللَّهِ هُزُوًا ۚ وَاذْكُرُوا نِعْمَتَ اللَّهِ عَلَيْكُمْ وَمَا أَنْزَلَ عَلَيْكُمْ مِنَ الْكِتَابِ وَالْحِكْمَةِ يَعِظُكُمْ بِهِ ۚ وَاتَّقُوا اللَّهَ وَاعْلَمُوا أَنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আৰু যেতিয়া তোমালোকে স্ত্ৰীক তালাক্ব দিবা, তাৰ পিছত সিহঁত ইদ্দত সম্পূৰ্ণ কৰাৰ নিকটৱৰ্তী হ’ব তেতিয়া তোমালোকে হ’লে বিধি অনুযায়ী সিহঁতক ৰাখি দিবা অথবা বিধিমতে সিহঁতক এৰি দিবা। সিহঁতৰ ক্ষতি সাধন কৰিবলৈ সীমালংঘনৰ উদ্দেশ্যে সিহঁতক আটক কৰি নাৰাখিবা। যিয়ে এনেকুৱা কৰে, সি নিজৰ ওপৰতে অন্যায় কৰে; আৰু তোমালোকে আল্লাহৰ বিধানক ঠাট্ৰা-বিদ্ৰূপৰ বিষয়ৰূপে গ্ৰহণ নকৰিবা; আৰু তোমালোকে স্মৰণ কৰা, তোমালোকৰ ওপৰত আল্লাহৰ অনুগ্ৰহ আৰু তোমালোকৰ ওপৰত কিতাব ও হিকমত তেওঁ যি অৱতীৰ্ণ কৰিছে, যাৰ দ্বাৰা তেওঁ তোমালোকক উপদেশ দিয়ে; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা, নিশ্চয় আল্লাহ সকলো বস্তু সম্পৰ্কে সুপৰিজ্ঞাত।
তাফছীৰ
যেতিয়া তোমালোকে নিজৰ স্ত্ৰীক তালাক দিয়া আৰু সিহঁতৰ ইদ্দত শেষ হোৱাৰ উপক্ৰম হয় তেতিয়া তোমালোকে ইচ্ছা কৰিলে তাইক ৰাখিব পাৰা অথবা ইদ্দত শেষ হোৱাৰ পাছত (সমাজত প্ৰচলিত) নিয়মানুসাৰে এৰি দিব পাৰা। সিহঁতক অন্যায়-অত্যাচাৰ কৰাৰ উদ্দেশ্যে ওভোতাই নলবা, যিদৰে অজ্ঞতা যুগত কৰা হৈছে। যিয়ে সিহঁতক ক্ষতি কৰাৰ উদ্দেশ্যে ওভোতাই লব সি নিজকে গুনাহ আৰু শাস্তিৰ হকদাৰ বনাই নিজৰে অন্যায় কৰিব। আল্লাহৰ আয়াতসমূহৰ লগত ঠাট্টা-বিদ্ৰূপ আৰু ধেমালি কৰাৰ সাহস নেদেখুৱাবা। লগতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰা, আৰু তেওঁৰ নিয়ামতসমূহৰ অন্যতম হৈছে, তেওঁ তোমালোকৰ প্ৰতি কোৰআন আৰু ছুন্নত অৱতীৰ্ণ কৰিছে। ইয়াৰ দ্বাৰা আল্লাহে তোমালোকক উপদেশ দিয়ে, কেতিয়াবা সতৰ্ক কৰে আকৌ কেতিয়াবা প্ৰেৰণা প্ৰদান কৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা; আৰু জানি থোৱা! নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু সম্পৰ্কে সম্যক আৱগত। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকৰ আমলৰ প্ৰতিদান দিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক