ছূৰা 2 · জুজ 2
Al-Baqarah · 2:230
فَإِنْ طَلَّقَهَا فَلَا تَحِلُّ لَهُ مِنْ بَعْدُ حَتَّىٰ تَنْكِحَ زَوْجًا غَيْرَهُ ۗ فَإِنْ طَلَّقَهَا فَلَا جُنَاحَ عَلَيْهِمَا أَنْ يَتَرَاجَعَا إِنْ ظَنَّا أَنْ يُقِيمَا حُدُودَ اللَّهِ ۗ وَتِلْكَ حُدُودُ اللَّهِ يُبَيِّنُهَا لِقَوْمٍ يَعْلَمُونَ
এতেকে যদি সি স্ত্ৰীক তালাক্ব দিয়ে তেন্তে সেই স্ত্ৰী তাৰ বাবে হালাল নহ’ব, যেতিয়া লৈকে তাই আন স্বামীৰ লগত মিলিত নহ’ব। তাৰ পিছত যদি সিহঁত উভয়ে (স্ত্ৰী আৰু প্ৰথম স্বামী) অনুভৱ কৰে যে, সিহঁতে আল্লাহৰ সীমাৰেখা ৰক্ষা কৰিব পাৰিব, তেন্তে সিহঁতৰ পুনৰ মিলনত কাৰো একো অপৰাধ নহ’ব। এইবোৰ আল্লাহৰ সীমাৰেখা, যিবোৰ তেওঁ স্পষ্টভাৱে এনে সম্প্ৰদায়ৰ বাবে বৰ্ণনা কৰে যিসকলে জানে।
তাফছীৰ
যদি তাইৰ স্বামীয়ে তাইক তৃতীয় তালাক দি দিয়ে, তেন্তে এই স্বামীৰ বাবে নতুনকৈ তাইক বিবাহ কৰা বৈধ নহয়। যেতিয়ালৈকে এই মহিলাই কোনো আন পুৰুষৰ লগত জীৱন-যাপন কৰাৰ উদ্দেশ্যে সঠিক বিবাহ নকৰিব। কিন্তু এই বিবাহ প্ৰথম স্বামীৰ বাবে হালাল হোৱাৰ উদ্দেশ্যে নহয়। লগতে এই বিবাহৰ পিছত সহবাস কৰাটো জৰুৰী। ইয়াৰ পিছত যদি দ্বিতীয় স্বামীয়ে তালাক দিয়ে অথবা সি মৃত্যুবৰণ কৰে, আনহাতে এই মহিলা আৰু তাইৰ প্ৰথম স্বামীয়ে যদি ভাৱে যে, সিহঁতে চৰীয়তি নিয়ম-কানূন পালন কৰি জীৱন-যাপন কৰিব পাৰিব তেন্তে দুয়ো নতুন মোহৰৰ সৈতে নতুনকৈ বিবাহ কৰাত কোনো আপত্তি নাই। এইবোৰ চৰীয়তি বিধান, যিবোৰ আল্লাহে সেইসকল লোকৰ বাবে বৰ্ণনা কৰে, যিসকলে তেওঁৰ বিধান আৰু সীমা সম্পৰ্কে জানে, কিয়নো তেওঁলোকেই ইয়াৰ পৰা উপকৃত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক