ছূৰা 2 · জুজ 1
Al-Baqarah · 2:23
وَإِنْ كُنْتُمْ فِي رَيْبٍ مِمَّا نَزَّلْنَا عَلَىٰ عَبْدِنَا فَأْتُوا بِسُورَةٍ مِنْ مِثْلِهِ وَادْعُوا شُهَدَاءَكُمْ مِنْ دُونِ اللَّهِ إِنْ كُنْتُمْ صَادِقِينَ
আমি আমাৰ বান্দাৰ ওপৰত যি অৱতীৰ্ণ কৰিছো তাত যদি তোমালোকৰ কোনো সন্দেহ থাকে তেন্তে ইয়াৰ অনুৰূপ কোনো এটা ছুৰা ৰচনা কৰি আনা আৰু আল্লাহৰ বাহিৰে তোমালোকৰ সকলো সাক্ষী-সহায়কাৰীক আহ্বান কৰা যদিহে তোমালোকে সত্যবাদী হোৱা।
তাফছীৰ
হে মানৱ জাতি! যদি তোমালোকৰ মোৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ কৰা কোৰআনৰ ওপৰত কোনো ধৰণৰ সন্দেহ থাকে, তেন্তে আমি তোমালোকক চেলেঞ্জ কৰিছো যে, তোমালোকে ইয়াৰ অনুৰূপ এটা ছুৰাকে লৈ আহা। যদিও সৰু ছুৰা এটাকে নহওঁক কিয়। এই কামৰ বাবে তোমালোকে যাক ইচ্ছা তাকেই সহায়ৰ বাবে আহ্বান কৰা, যদি তোমালোকে নিজৰ অভিযোগত সত্যবাদী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক