ছূৰা 2 · জুজ 1

Al-Baqarah · 2:22

الَّذِي جَعَلَ لَكُمُ الْأَرْضَ فِرَاشًا وَالسَّمَاءَ بِنَاءً وَأَنْزَلَ مِنَ السَّمَاءِ مَاءً فَأَخْرَجَ بِهِ مِنَ الثَّمَرَاتِ رِزْقًا لَكُمْ ۖ فَلَا تَجْعَلُوا لِلَّهِ أَنْدَادًا وَأَنْتُمْ تَعْلَمُونَ

যিজনে তোমালোকৰ বাবে পৃথিৱীখনক বিছনা কৰি দিছে আৰু আকাশখনক কৰি দিছে চাল আৰু আকাশৰ পৰা পানী অৱতীৰ্ণ কৰি তাৰ দ্বাৰা তোমালোকৰ জীৱিকাৰ বাবে ফলমূল উত্পাদন কৰিছে। গতিকে তোমালোকে জানি-শুনি কাকো আল্লাহৰ সমকক্ষ থিৰ নকৰিবা।

তাফছীৰ

তেৱেঁই তোমালোকৰ বাবে পৃথিৱীখনক সমতল বিছনা বনাইছে আৰু তাৰ ওপৰত মজবুত আকাশ সৃষ্টি কৰিছে। তেৱেঁই পানী বৰ্ষণ কৰে ফলত তাৰ দ্বাৰা বিভিন্ন প্ৰকাৰৰ ফলমূল উত্পাদন কৰে। যাতে জীৱিকাৰ ব্যৱস্থা হয়। এতেকে যিহেতু তোমালোকে জানা যে, আল্লাহৰ বাহিৰে আন কোনো স্ৰষ্টা নাই, ইয়াৰ পিছতো তোমালোকে আল্লাহৰ সমকক্ষ বা অংশীদাৰ স্থাপন নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক