ছূৰা 2 · জুজ 2
Al-Baqarah · 2:210
هَلْ يَنْظُرُونَ إِلَّا أَنْ يَأْتِيَهُمُ اللَّهُ فِي ظُلَلٍ مِنَ الْغَمَامِ وَالْمَلَائِكَةُ وَقُضِيَ الْأَمْرُ ۚ وَإِلَى اللَّهِ تُرْجَعُ الْأُمُورُ
সিহঁতে এই অপেক্ষাত আছে নেকি যে, আল্লাহ আৰু ফিৰিস্তাসকল মেঘৰ ছাঁত সিহঁতৰ ওচৰত উপস্থিত হ’ব? আৰু সকলো বিষয়ৰ মীমাংসা হৈ যাব? আৰু সকলো বিষয় আল্লাহৰ ওচৰতেই প্ৰত্যাবৰ্তিত হ’ব।
তাফছীৰ
চয়তানৰ পদানুসৰণকাৰী সকলে আৰু সত্পথৰ পৰা পথভ্ৰষ্ট লোকসকলে কেৱল ইয়াৰ অপেক্ষাত আছে যে, সিহঁতৰ ফয়চালা কৰিবলৈ ক্বিয়ামতৰ দিনা আল্লাহে নিজৰ মৰ্যদা আৰু প্ৰতাপ অনুযায়ী মেঘৰ ছাঁত আহিব আৰু তেওঁৰ লগত থাকিব ফিৰিস্তাসকল, সিহঁতক চাৰিওফালৰ পৰা পৰিবেষ্টন কৰিব, সেই সময়ত সিহঁতৰ বিষয়ে আল্লাহৰ ফয়চালা সম্পন্ন হব। দৰাচলতে সৃষ্টিজগতৰ সকলো বিষয় কেৱল আল্লাহৰ পিনেই প্ৰত্যাৱৰ্তন কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক