ছূৰা 2 · জুজ 2
Al-Baqarah · 2:209
فَإِنْ زَلَلْتُمْ مِنْ بَعْدِ مَا جَاءَتْكُمُ الْبَيِّنَاتُ فَاعْلَمُوا أَنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
এতেকে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি অহাৰ পিছতো যদি তোমালোকৰ পদস্খলন ঘটে, তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ মহাপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
যদি এনেকুৱা স্পষ্ট আৰু সংশয়হীন প্ৰমাণ অহাৰ পিছতো তোমালোকে আঁতৰি যোৱা আৰু বিমুখ হোৱা তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ মহাপৰাক্ৰশালী অতি ক্ষমতাৱান। পৰিচালনা আৰু বিধান প্ৰস্তুত কৰাত তেওঁ মহাপ্ৰজ্ঞাৱান। সেয়ে কেৱল তেওঁকেই ভয় কৰা আৰু তেওঁক সন্মান কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক