ছূৰা 2 · জুজ 2
Al-Baqarah · 2:208
يَا أَيُّهَا الَّذِينَ آمَنُوا ادْخُلُوا فِي السِّلْمِ كَافَّةً وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে মুমিনসকল! তোমালোকে পৰিপূৰ্ণভাৱে ইছলামত প্ৰৱেশ কৰা আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
তাফছীৰ
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! ইছলামৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰা আৰু ইয়াৰ কোনো বিধানক এৰি নিদিবা। যিদৰে আহলে কিতাবসকলে কৰিছিল, সিহঁতে পুথি এটা ভাগৰ প্ৰতি ঈমান পোষণ কৰিছিল আৰু আনটো ভাগক অস্বীকাৰ কৰিছিল। লগতে চয়তানৰ পদানুসৰণ নকৰিবা। কিয়নো সি তোমালোকৰ প্ৰকাশ্য শত্ৰু, তাৰ শত্ৰুতা গোপন নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক