ছূৰা 2 · জুজ 2

Al-Baqarah · 2:211

سَلْ بَنِي إِسْرَائِيلَ كَمْ آتَيْنَاهُمْ مِنْ آيَةٍ بَيِّنَةٍ ۗ وَمَنْ يُبَدِّلْ نِعْمَةَ اللَّهِ مِنْ بَعْدِ مَا جَاءَتْهُ فَإِنَّ اللَّهَ شَدِيدُ الْعِقَابِ

ইছৰাঈলৰ বংশধৰসকলক সুধি চোৱা, আমি সিহঁতক কিমান স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিলো! আৰু আল্লাহৰ অনুগ্ৰহ অহাৰ পিছত কোনোবাই তাক পৰিবৰ্তন কৰিলে তেন্তে নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।

তাফছীৰ

হে নবী! বনী ইছৰাঈলক ভৰ্ৎসনা কৰি সিহঁতক সোধক, আল্লাহে তোমালোকৰ সন্মুখত ৰাছুলসকলৰ সত্যবাদীতাৰ সপক্ষে কিমান যে স্পষ্ট নিদৰ্শন প্ৰদান কৰিছিল যিবোৰক তোমালোকে অস্বীকাৰ কৰিছিলা আৰু তাৰ পৰা বিমুখ হৈছিলা। আল্লাহৰ নিয়ামত স্পষ্ট হোৱাৰ পিছত আৰু জনাৰ পিছতো যিয়ে সেইবোৰ অস্বীকাৰ কৰিব তেন্তে জানি থোৱা! নিশ্চয় আল্লাহে কাফিৰসকলক আৰু অস্বীকাৰকাৰী সকলক কঠিন শাস্তি প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক