ছূৰা 2 · জুজ 2
Al-Baqarah · 2:206
وَإِذَا قِيلَ لَهُ اتَّقِ اللَّهَ أَخَذَتْهُ الْعِزَّةُ بِالْإِثْمِ ۚ فَحَسْبُهُ جَهَنَّمُ ۚ وَلَبِئْسَ الْمِهَادُ
আৰু যেতিয়া তাক কোৱা হয়, ‘আল্লাহৰ তাক্বৱা অৱলম্বন কৰা’, তেতিয়া তাৰ আত্মাভিমানে তাক পাপ কৰিবলৈ উৎসাহ দিয়ে, এতেকে জাহান্নামেই তাৰ বাবে যথেষ্ট। নিশ্চয় ই নিকৃষ্ট বিশ্ৰামস্থল।
তাফছীৰ
যেতিয়া এই বিপৰ্যয়কাৰী সকলক উপদেশ দি কোৱা হয় যে, আল্লাহৰ সীমাৰেখাৰ সন্মান কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। তেতিয়া তাৰ অভিমানে তাক সত্য পিনে উভতিবলৈ বাধা দিয়ে আৰু সি গুনাহত আৰু অধিক আগুৱায় যায়। এতেকে তাৰ বাবে জাহান্নামেই যথেষ্ট, আৰু জাহান্নাম বৰ নিকৃষ্ট ঠাই আৰু অত্যন্ত বেয়া আৱাসস্থল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক