ছূৰা 2 · জুজ 2
Al-Baqarah · 2:205
وَإِذَا تَوَلَّىٰ سَعَىٰ فِي الْأَرْضِ لِيُفْسِدَ فِيهَا وَيُهْلِكَ الْحَرْثَ وَالنَّسْلَ ۗ وَاللَّهُ لَا يُحِبُّ الْفَسَادَ
আৰু যেতিয়া সি উভতি যায়, তেতিয়া সি পৃথিৱীত ফাছাদ (অশান্তি) সৃষ্টি আৰু শস্যক্ষেত্ৰ আৰু প্ৰাণী ধ্বংস কৰিবলৈ চেষ্টা কৰে; আৰু আল্লাহে ফাছাদ ভাল নাপায়।
তাফছীৰ
যেতিয়া আপোনাৰ পৰা আঁতৰি যায় তেতিয়া পৃথিৱীত দৌৰা-দৌৰি আৰম্ভ কৰে যাতে গুনাহৰ দ্বাৰা বিপৰ্যয় সৃষ্টি কৰিব পাৰে লগতে খেতি-বাতি বিনষ্ট কৰিব পাৰে আৰু জীৱ-জন্তু হত্যা কৰিব পাৰে। অথচ আল্লাহে পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা কাৰ্যক আৰু উপদ্ৰৱ সৃষ্টিকাৰীক পছন্দ নকৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক