ছূৰা 2 · জুজ 2
Al-Baqarah · 2:204
وَمِنَ النَّاسِ مَنْ يُعْجِبُكَ قَوْلُهُ فِي الْحَيَاةِ الدُّنْيَا وَيُشْهِدُ اللَّهَ عَلَىٰ مَا فِي قَلْبِهِ وَهُوَ أَلَدُّ الْخِصَامِ
আৰু মানুহৰ মাজত এনে ব্যক্তিও আছে, পাৰ্থিৱ জীৱনত যাৰ কথাবাৰ্তাই তোমাক মুগ্ধ কৰে আৰু তাৰ অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহক সাক্ষী ৰাখে। প্ৰকৃততে সি ভীষণ কলহপ্ৰিয়।
তাফছীৰ
হে নবী! মানুহৰ মাজত কিছুমান মুনাফিক মানুহো আছে, পাৰ্থিৱ জীৱন সম্পৰ্কে সিহঁতৰ কিছুমান কথা আপোনাৰ অন্তৰ চুই যায়। সিহঁতৰ মিঠা আৰু সুমধুৰ কথাৰ ফলত আপুনি সিহঁতক সত্যবাদী আৰু শুভাকাংক্ষী বুলি ধাৰণা কৰে। অথচ সিহঁতৰ এনে কৰাৰ উদ্দেশ্য হৈছে একমাত্ৰ নিজৰ ধন-সম্পদ আৰু প্ৰাণ ৰক্ষাৰ বাহিৰে আন একো নহয়। সিহঁতে আল্লাহক এই কথাৰ সাক্ষী বনাই যে, সিহঁতৰ অন্তৰত ঈমান আৰু কল্যাণৰ বাহিৰে আন একো নাই অথচ সিহঁত মিছলীয়া, অত্যন্ত কলহপ্ৰিয় আৰু মুছলিমসকলৰ শত্ৰু।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক