ছূৰা 2 · জুজ 2

Al-Baqarah · 2:200

فَإِذَا قَضَيْتُمْ مَنَاسِكَكُمْ فَاذْكُرُوا اللَّهَ كَذِكْرِكُمْ آبَاءَكُمْ أَوْ أَشَدَّ ذِكْرًا ۗ فَمِنَ النَّاسِ مَنْ يَقُولُ رَبَّنَا آتِنَا فِي الدُّنْيَا وَمَا لَهُ فِي الْآخِرَةِ مِنْ خَلَاقٍ

তাৰ পিছত যেতিয়া তোমালোকে হজ্জৰ কামসমূহ সমাপ্ত কৰিবা তেতিয়া আল্লাহক এনেকৈ স্মৰণ কৰিবা যেনেকৈ তোমালোকে নিজৰ পিতৃ-পুৰুষসকলক স্মৰণ কৰি থাকা অথবা তাতোকৈও অধিক। মানুহৰ মাজত যিয়ে কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীতেই (সকলো) দি দিয়া’। আখিৰাতত তাৰ বাবে কোনো অংশ নাই।

তাফছীৰ

যেতিয়া হজ্জৰ কাৰ্যাৱলী সম্পূৰ্ণ কৰিবা তেতিয়া আল্লাহক স্মৰণ কৰিবা আৰু তেওঁৰ অধিক প্ৰশংসা কৰিবা, যিদৰে তোমালোকে নিজৰ পূৰ্বপুৰুষক লৈ গৌৰৱ কৰা আৰু সিহঁতৰ প্ৰশংসা কৰা; অথবা নিজৰ পুৰ্বপুৰুষ সকলতকৈও অধিক আল্লাহক স্মৰণ কৰিবা। কিয়নো তোমালোকে যি যি নিয়ামতৰ অধিকাৰী হৈছা, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। যদিও মানুহে বিভিন্ন পন্থা অৱলম্বন কৰিছে। কিছুমান হৈছে কাফিৰ আৰু মুশ্বৰিক, যিসকলে কেৱল পাৰ্থিৱ জীৱনৰ প্ৰতিহে বিশ্বাস পোষণ কৰে। সেয়ে সিহঁতে কেৱল নিজ প্ৰতিপালকৰ পৰা তেওঁৰ অনুগ্ৰহ আৰু সৌন্দৰ্যৰ বস্তু যেনে- সুস্থতা, ধন-সম্পত্তি আৰু সন্তানৰ বাহিৰে আন একো নিবিচাৰে। এনেকুৱা ব্যক্তিসকলৰ পাৰ্থিৱ জীৱনৰ মোহ আৰু আখিৰাতৰ পৰা বিমুখতাৰ কাৰণে, সেই বস্তুসমূহৰ মাজত সিহঁতৰ কোনো অংশ নাথাকিব যিবোৰ আল্লাহে তেওঁৰ মুমিন বান্দাসকলৰ বাবে আখিৰাতত প্ৰস্তুত কৰি ৰাখিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক