ছূৰা 2 · জুজ 2
Al-Baqarah · 2:199
ثُمَّ أَفِيضُوا مِنْ حَيْثُ أَفَاضَ النَّاسُ وَاسْتَغْفِرُوا اللَّهَ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
তাৰ পিছত অন্যান্য লোকে য'ৰ পৰা উভতি আহে তোমালোকেও সেই স্থানৰ পৰা উভতি আহিবা আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
আৰাফা ময়দানৰ পৰা ঠিক তেনেকৈ প্ৰত্যাৱৰ্তন কৰা যিদৰে ইব্ৰাহীম আলাইহিছ ছালামৰ অনুসাৰীসকলে প্ৰত্যাৱৰ্তন কৰিছিল। অজ্ঞতা যুগৰ লোকসকলৰ দৰে নহয়, সিহঁতে ইয়াত অৱস্থানেই কৰা নাছিল। তথা আল্লাহৰ আদেশ পালনত হোৱা দোষ-ত্ৰুটিৰ বাবে তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক