ছূৰা 2 · জুজ 2
Al-Baqarah · 2:198
لَيْسَ عَلَيْكُمْ جُنَاحٌ أَنْ تَبْتَغُوا فَضْلًا مِنْ رَبِّكُمْ ۚ فَإِذَا أَفَضْتُمْ مِنْ عَرَفَاتٍ فَاذْكُرُوا اللَّهَ عِنْدَ الْمَشْعَرِ الْحَرَامِ ۖ وَاذْكُرُوهُ كَمَا هَدَاكُمْ وَإِنْ كُنْتُمْ مِنْ قَبْلِهِ لَمِنَ الضَّالِّينَ
তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰাত তোমালোকৰ কোনো পাপ নহয়। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতি আহিবা তেতিয়া মাশ্বআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা আৰু তেওঁ তোমালোকক যেনেকৈ শিক্ষা দিছে ঠিক তেনেকৈ তোমালোকে তেওঁক স্মৰণ কৰিবা। যদিও ইয়াৰ আগত তোমালোকে বিভ্ৰান্তসকলৰ অন্তৰ্ভূক্ত আছিলা।
তাফছীৰ
হজ্জৰ দিনবোৰত ব্যৱসায় আদিৰ দ্বাৰা হালাল জীৱিকা সন্ধান কৰা কোনো পাপ কৰ্ম নহয়। ৯ তাৰিখে আৰাফা ময়দানত অৱস্থান কৰাৰ পিছত, যেতিয়া ১০ তাৰিখে ৰাতি মুজদালিফালৈ ৰাৱানা হবা, তেতিয়া মুজদালিফাত মাশ্বআৰে হাৰামৰ ওচৰত তছবীহ, তাহলীল আৰু দুআ কৰি আল্লাহক স্মৰণ কৰিবা। আল্লাহক এই কাৰণে স্মৰণ কৰিবা যে, তেওঁ তোমালোকক তেওঁৰ দ্বীনৰ নিদৰ্শনসমূহ আৰু তেওঁৰ ঘৰৰ হজ্জ আদায় কৰিবলৈ তাওফীক দান কৰিছে; অথচ ইতিপূৰ্বে তোমালোক তেওঁৰ চৰীয়ত সম্পৰ্কে অজ্ঞাত আছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক