ছূৰা 2 · জুজ 2

Al-Baqarah · 2:197

الْحَجُّ أَشْهُرٌ مَعْلُومَاتٌ ۚ فَمَنْ فَرَضَ فِيهِنَّ الْحَجَّ فَلَا رَفَثَ وَلَا فُسُوقَ وَلَا جِدَالَ فِي الْحَجِّ ۗ وَمَا تَفْعَلُوا مِنْ خَيْرٍ يَعْلَمْهُ اللَّهُ ۗ وَتَزَوَّدُوا فَإِنَّ خَيْرَ الزَّادِ التَّقْوَىٰ ۚ وَاتَّقُونِ يَا أُولِي الْأَلْبَابِ

হজ্জ হৈছে নিৰ্দিষ্ট মাহসমূহত। এতেকে যিয়ে এই মাহসমূহত হজ্জ কৰিবলৈ স্থিৰ কৰে সি যেন হজ্জৰ সময়ত স্ত্ৰী-সম্ভোগ, অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে; আৰু তোমালোকে যি সৎকামেই নকৰা কিয় সেয়া আল্লাহে জানে আৰু তোমালোকে সম্বল সংগ্ৰহ কৰা। নিশ্চয় আটাইতকৈ উত্তম সম্বল হৈছে তাক্বৱা। হে বিবেক সম্পন্ন ব্যক্তিসকল! তোমালোকে কেৱল মোৰেই তাক্বৱা অৱলম্বন কৰা।

তাফছীৰ

হজ্জৰ কেইটামান প্ৰসিদ্ধ মাহ আছে। সেইটো শ্বাৱালৰ পৰা আৰম্ভ হয় আৰু জুলহিজ্জা মাহৰ ১০ তাৰিখে সমাপ্ত হয়। যিয়ে এই মাহবোৰত হজ্জৰ বাবে নিয়ত কৰি ইহৰাম বান্ধিব, সেই ব্যক্তিয়ে (ইহৰাম অৱস্থাত) পত্নীৰ লগত সহবাস আৰু ইয়াৰ লগত জড়িত কামসমূহ কৰিব নোৱাৰিব। আৰু তাৰ বাবে, সময় আৰু স্থানৰ সন্মানৰ কাৰণে, গুনাহত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই যোৱাৰ পাপ আৰু বৃদ্ধি হব। এইদৰে এই দিনবোৰত এনেকুৱা বাদানুবাদ কৰাও হাৰাম যিটো ক্ৰোধ আৰু কাজিয়া সৃষ্টি কৰে। এতেকে তোমালোকে যি সত্কৰ্ম কৰিবা সেয়া আল্লাহে জানে আৰু তাৰ প্ৰতিদানো তেওঁ তোমালোকক প্ৰদান কৰিব। তথা তোমালোকে হজ্জ আদায় কৰা অৱস্থাত সেইবোৰ বস্তুৰ সহায় লোৱা যিবোৰ বস্তু তোমালোকৰ প্ৰয়োজন হয়, যেনে- খাদ্য সামগ্ৰী। লগতে জানি থোৱা! তোমালোকৰ সকলো বিষয়তে আটাইতকৈ সহায়ক হৈছে আল্লাহৰ তাক্বৱা বা ভয়। এতেকে হে সৎবুদ্ধিৰ অধিকাৰীসকল! মোৰ আদেশ পালন কৰি আৰু মই নিষেধ কৰা বস্তু পৰিত্যাগ কৰি, কেৱল মোকেই ভয় কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক