ছূৰা 2 · জুজ 2
Al-Baqarah · 2:191
وَاقْتُلُوهُمْ حَيْثُ ثَقِفْتُمُوهُمْ وَأَخْرِجُوهُمْ مِنْ حَيْثُ أَخْرَجُوكُمْ ۚ وَالْفِتْنَةُ أَشَدُّ مِنَ الْقَتْلِ ۚ وَلَا تُقَاتِلُوهُمْ عِنْدَ الْمَسْجِدِ الْحَرَامِ حَتَّىٰ يُقَاتِلُوكُمْ فِيهِ ۖ فَإِنْ قَاتَلُوكُمْ فَاقْتُلُوهُمْ ۗ كَذَٰلِكَ جَزَاءُ الْكَافِرِينَ
আৰু সিহঁতক য’তেই পাবা হত্যা কৰিবা, আৰু যি স্থানৰ পৰা সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছে তোমালোকেও সেই স্থানৰ পৰা সিহঁতক বহিষ্কাৰ কৰিবা। (জানি থোৱা) ফিতনা হত্যা কৰাতকৈও সাংঘাতিক; আৰু মছজিদুল হাৰামৰ ওচৰত তোমালোকে সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়া লৈকে সিহঁতে তোমালোকৰ বিৰুদ্ধে তাত যুদ্ধ নকৰে। এতেকে যদি সিহঁতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে তেন্তে তোমালোকেও সিহঁতক হত্যা কৰিবা, এইটোৱেই কাফিৰসকলৰ পৰিণাম।
তাফছীৰ
সিহঁতক য’তেই পোৱা হত্যা কৰা আৰু সিহঁতক সেই ঠাইৰ পৰা বহিষ্কাৰ কৰা য’ৰ সিহঁতে তোমালোকক বহিষ্কাৰ কৰিছিল অৰ্থাৎ মক্কাৰ পৰা। মুমিন ব্যক্তিক তেওঁৰ ধৰ্মৰ পৰা বাধা দিয়া আৰু তেওঁক কুফৰৰ পিনে উভতি যাবলৈ বাধ্য কৰাৰ ফলত যি ফিতনাৰ সৃষ্টি হয় সেয়া হত্যাতকৈও অধিক সাংঘাতিক। আৰু কাবা ঘৰৰ সন্মানৰ খাতিৰত তাৰ ওচৰত কাজিয়া নকৰিবা। কিন্তু যদি সিহঁতে যুদ্ধ আৰম্ভ কৰে তেন্তে সিহঁতক হত্যা কৰা। আৰু এনেকুৱা পৰিণাম- অৰ্থাৎ সন্মানিত মছজিদৰ ওচৰত যুদ্ধ কৰাৰ ফলস্বৰূপে হত্যা- কাফিৰসকলৰ প্ৰতিদান হোৱা উচিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক