ছূৰা 2 · জুজ 2
Al-Baqarah · 2:192
فَإِنِ انْتَهَوْا فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
এতেকে যদি সিহঁত বিৰত হয় তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ নকৰে আৰু কুফৰৰ পথ ত্যাগ কৰে তেন্তে তোমালোকেও সিহঁতক এৰি দিয়া। নিশ্চয় আল্লাহে তাওবাকাৰীসকলক ক্ষমা কৰে। সেয়ে তেওঁ বান্দাসকলক বিগত গুনাহৰ বাবেও দায়ী নকৰিব। সিহঁতৰ প্ৰতি দয়া কৰে, সেয়ে তেওঁ সিহঁতক সোনকালে শাস্তি নিদিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক