ছূৰা 2 · জুজ 2

Al-Baqarah · 2:190

وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ

আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহ সীমালংঘনকাৰী সকলক ভাল নাপায়।

তাফছীৰ

তথা আল্লাহৰ কলিমা উচ্চ কৰিবলৈ সেইসকল কাফিৰৰ লগত যুদ্ধ কৰা, যিসকলে তোমালোকক আল্লাহৰ দ্বীনৰ পৰা বিৰত ৰাখিবলৈ তোমালোকৰ লগত যুদ্ধ কৰে। কিন্তু আল্লাহৰ সীমাৰেখা উলংঘন নকৰিবা। যেনে- শিশু, মহিলা, আৰু বৃদ্ধক হত্যা নকৰিবা লগতে নিহত ব্যক্তিৰ অংগ কৰ্তন নকৰিবা। নিশ্চয় আল্লাহে তেওঁৰ চৰীয়ত আৰু আদেশৰ ক্ষেত্ৰত সীমালংঘনকাৰীক ভাল নাপায়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক