ছূৰা 2 · জুজ 2

Al-Baqarah · 2:182

فَمَنْ خَافَ مِنْ مُوصٍ جَنَفًا أَوْ إِثْمًا فَأَصْلَحَ بَيْنَهُمْ فَلَا إِثْمَ عَلَيْهِ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ

কিন্তু যদি কোনোবাই অছিয়তকাৰীৰ পক্ষপাতিত্ব অথবা গুনাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো অপৰাধ নাই। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।

তাফছীৰ

অছীয়তত যদি কোনো অন্যায় পৰিলক্ষিত হয় অথবা অছীয়তকাৰীয়ে যদি ন্যায়ভাৱে অছীয়ত কৰা নাই বুলি প্ৰকাশিত হয়, এনে অৱস্থাত অছীয়ত লৈ বাক-বিতণ্ডাত লিপ্তসকলৰ মাজত যদি কোনোবাই মীমাংসা কৰি দিয়ে তেন্তে তাৰ কোনো গুনাহ নহব। বৰং তেওঁ মীমাংসা কৰি দিয়াৰ বাবে ছোৱাব পাব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি পৰম দয়ালু।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক