ছূৰা 2 · জুজ 2

Al-Baqarah · 2:181

فَمَنْ بَدَّلَهُ بَعْدَمَا سَمِعَهُ فَإِنَّمَا إِثْمُهُ عَلَى الَّذِينَ يُبَدِّلُونَهُ ۚ إِنَّ اللَّهَ سَمِيعٌ عَلِيمٌ

এতেকে এইটো শুনাৰ পিছতো যিয়ে ইয়াত পৰিবৰ্তন সাধন কৰিব, তেন্তে যিসকলে পৰিবৰ্তন কৰিব অপৰাধ সিহঁতৰে হ’ব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী।

তাফছীৰ

যিয়ে অছীয়তত হেৰফেৰ কৰিব অথবা অছীয়তৰ কথা জনাৰ পিছতো সেয়া জাৰি কৰিবলৈ অস্বীকাৰ কৰিব তেন্তে এই পৰিবৰ্তনৰ পাপ পৰিবৰ্তনকাৰীৰহে হব, অছীয়ত কৰ্তাৰ নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক