ছূৰা 2 · জুজ 1

Al-Baqarah · 2:17

مَثَلُهُمْ كَمَثَلِ الَّذِي اسْتَوْقَدَ نَارًا فَلَمَّا أَضَاءَتْ مَا حَوْلَهُ ذَهَبَ اللَّهُ بِنُورِهِمْ وَتَرَكَهُمْ فِي ظُلُمَاتٍ لَا يُبْصِرُونَ

সিহঁতৰ উদাহৰণ সেই ব্যক্তিৰ দৰে, যিয়ে জুই জ্বলালে। তাৰপিছত যেতিয়া সেই জুয়ে তাৰ চাৰিওফালে আলোকিত কৰিলে, তেতিয়া আল্লাহে সিহঁতৰ জ্যোতি অপসাৰণ কৰি ল’লে আৰু সিহঁতক এনেকুৱা অন্ধকাৰত এৰি দিলে যে, সিহঁত দেখিবলৈ নোপোৱা হ’ল।

তাফছীৰ

আল্লাহ তাআলাই এই মুনাফিকসকলৰ দুটা উদাহৰণ দিছে। ইয়াৰে এটা হৈছে জুইৰ উদাহৰণ আৰু আনটো হৈছে পানীৰ উদাহৰণ। জুইৰ উদাহৰণটো হৈছে এই ধৰণৰঃ মুনাফিকসকলৰ উদাহৰণ সেই ব্যক্তিৰ দৰে যিয়ে পোহৰৰ বাবে জুই জ্বলালে। এতেকে যেতিয়া জুইৰ শিখাবোৰ ওপৰলৈ উঠিব ধৰিলে তেতিয়া সি ভাৱিলে যে, এতিয়া ইয়াৰ দ্বাৰা উপকৃত হব। কিন্তু হঠাৎ জুই নুমাই গল। এঙাৰ আছিল যদিও পোহৰ নাই। ফলত জুই জ্বলোৱা ব্যক্তিক অন্ধকাৰে আৱৰি ধৰিলে। সি একো দেখা নোপোৱা হল আৰু পথ বিচাৰিও নাপালে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক