ছূৰা 2 · জুজ 1

Al-Baqarah · 2:16

أُولَٰئِكَ الَّذِينَ اشْتَرَوُا الضَّلَالَةَ بِالْهُدَىٰ فَمَا رَبِحَتْ تِجَارَتُهُمْ وَمَا كَانُوا مُهْتَدِينَ

ইহঁতেই সেইসকল লোক, যিসকলে হিদায়তৰ বিনিময়ত ভ্ৰষ্টতা কিনি লৈছে। কিন্তু সিহঁতৰ ব্যৱসায় লাভজনক হোৱা নাই, আৰু সিহঁত হিদায়ত প্ৰাপ্তও নহয়।

তাফছীৰ

প্ৰকৃততে উক্ত বৈশিষ্ট্যৰ অধিকাৰী মুনাফিকসকলেই হৈছে নিৰ্বোধ তথা কাণ্ডজ্ঞানহীন, যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰ গ্ৰহণ কৰিছে। সেয়ে সিহঁতৰ ব্যৱসায় ফলপ্ৰসূ হোৱা নাই। কিয়নো সিহঁতে আল্লাহৰ প্ৰতি ঈমান বিনষ্ট কৰিছে আৰু হিদায়তৰ কোনো পথো পোৱা নাই।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক