ছূৰা 2 · জুজ 2

Al-Baqarah · 2:161

إِنَّ الَّذِينَ كَفَرُوا وَمَاتُوا وَهُمْ كُفَّارٌ أُولَٰئِكَ عَلَيْهِمْ لَعْنَةُ اللَّهِ وَالْمَلَائِكَةِ وَالنَّاسِ أَجْمَعِينَ

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাত মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।

তাফছীৰ

নিশ্চয় যিসকলে কুফৰ কৰিছে আৰু তাওবা নকৰাকৈ কুফৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আছে আল্লাহৰ অভিসম্পাত। লগতে আল্লাহে সিহঁতক তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে আৰু সকলো ফিৰিস্তা তথা সকলো মানুহে সিহঁতৰ বাবে আল্লাহৰ ৰহমতৰ পৰা দূৰত্বৰ বদ দুআ কৰে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক