ছূৰা 2 · জুজ 2
Al-Baqarah · 2:160
إِلَّا الَّذِينَ تَابُوا وَأَصْلَحُوا وَبَيَّنُوا فَأُولَٰئِكَ أَتُوبُ عَلَيْهِمْ ۚ وَأَنَا التَّوَّابُ الرَّحِيمُ
কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। এতেকে তেওঁলোকৰ তাওবা আমি কবুল কৰিম; আৰু আমি অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
তাফছীৰ
আনহাতে যিয়ে এই স্পষ্ট নিদৰ্শনসমূহ গোপন কৰাৰ কাৰণে অনুতপ্ত হৈ আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব লগতে নিজৰ বাহ্যিক আৰু আভ্যন্তৰীণ কৰ্মসমূহ শুধৰাই লব লগতে এই কথাও স্পষ্ট কৰিব যে, সি কি কি সত্য আৰু হিদায়ত গোপন কৰিছিল তেন্তে মই মোৰ আনুগত্যত সিহঁতৰ এই প্ৰত্যাৱৰ্তন স্বীকাৰ কৰিম। কিয়নো মই মোৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰো আৰু সিহঁতৰ প্ৰতি দয়া কৰোঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক