ছূৰা 2 · জুজ 2

Al-Baqarah · 2:159

إِنَّ الَّذِينَ يَكْتُمُونَ مَا أَنْزَلْنَا مِنَ الْبَيِّنَاتِ وَالْهُدَىٰ مِنْ بَعْدِ مَا بَيَّنَّاهُ لِلنَّاسِ فِي الْكِتَابِ ۙ أُولَٰئِكَ يَلْعَنُهُمُ اللَّهُ وَيَلْعَنُهُمُ اللَّاعِنُونَ

নিশ্চয় যিসকলে সু-স্পষ্ট নিদৰ্শনসমূহ আৰু হিদায়ত গোপন কৰে যিটো আমি অৱতীৰ্ণ কৰিছো, মানুহৰ বাবে কিতাবত সেয়া স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছত, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।

তাফছীৰ

ইয়াহুদী আৰু খৃষ্টানসকলৰ মাজৰ যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ইছলামৰ সত্যতা প্ৰকাশ কৰা নিদৰ্শনসমূহক গোপন কৰে, অথচ সেইবোৰ সিহঁতৰ পুথিত লিপিবদ্ধ আছে, তেনেকুৱা ব্যক্তিক আল্লাহে তেওঁৰ ৰহমতৰ পৰা দূৰ কৰি দিয়ে। লগতে সকলো ফিৰিস্তা, নবীসকল আৰু সকলো মানুহে এই দুআ কৰে যে, আল্লাহে যেন সিহঁতক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক