ছূৰা 2 · জুজ 2

Remember Me; I will remember you · Al-Baqarah 2:152

فَاذْكُرُونِي أَذْكُرْكُمْ وَاشْكُرُوا لِي وَلَا تَكْفُرُونِ

এতেকে, তোমালোকে মোকেই স্মৰণ কৰা, ময়ো তোমালোকক স্মৰণ কৰিম; আৰু তোমালোকে মোৰ প্ৰতি কৃতজ্ঞ হোৱা আৰু অকৃতজ্ঞ নহ’বা।

তাফছীৰ

তোমালোকে নিজৰ অন্তৰ আৰু শৰীৰৰ দ্বাৰা মোক স্মৰণ কৰা। মই তোমালোকক প্ৰশংসা আৰু সুৰক্ষা প্ৰদানৰ দ্বাৰা স্মৰণ কৰিম। কিয়নো প্ৰতিদান অনুৰূপ কৰ্মৰ দ্বাৰাই প্ৰদান কৰা হয়। মোৰ সেইসমূহ অনুগ্ৰহৰ কৃতজ্ঞতা জ্ঞাপন কৰা যিবোৰ মই তোমালোকৰ ওপৰত কৰিছো। সেইবোৰ অস্বীকাৰ কৰি আৰু সেইবোৰ অবৈধ কৰ্মত ব্যৱহাৰ কৰি মোৰ অকৃতজ্ঞতা নকৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক