ছূৰা 2 · জুজ 2
Al-Baqarah · 2:151
كَمَا أَرْسَلْنَا فِيكُمْ رَسُولًا مِنْكُمْ يَتْلُو عَلَيْكُمْ آيَاتِنَا وَيُزَكِّيكُمْ وَيُعَلِّمُكُمُ الْكِتَابَ وَالْحِكْمَةَ وَيُعَلِّمُكُمْ مَا لَمْ تَكُونُوا تَعْلَمُونَ
যেনেকৈ আমি তোমালোকৰ মাজৰ পৰা তোমালোকৰ ওচৰতেই এজন ৰাছুল প্ৰেৰণ কৰিছো, যিজনে তোমালোকৰ ওচৰত আমাৰ আয়াতসমূহ তিলাৱত কৰে, আৰু তোমালোকক পৰিশুদ্ধ কৰে আৰু তোমালকক কিতাব ও হিকমতৰ শিক্ষা দিয়ে, এনে শিক্ষা দিয়ে যিটো তোমালোকে জনা নাছিলা।
তাফছীৰ
যিদৰে আমি ইতিপূৰ্বে তোমালোকৰ ওপৰত আৰু এটা অনুগ্ৰহ কৰিছো, তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই এজন ৰাছুল প্ৰেৰণ কৰিছো, তেওঁ তোমালোকক আমাৰ আয়াতসমূহ পাঠ কৰি শুনায়। তোমালোকক সদাচৰণ তথা সত্কৰ্মৰ আদেশ আৰু অসৎ আচৰণ তথা অসৎ কৰ্মৰ পৰা নিষেধ কৰি পৱিত্ৰ কৰে। লগতে তোমালোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা দিয়ে। লগতে তোমালোকক দ্বীন দুনীয়া সম্পৰ্কে এনেকুৱা শিক্ষা দিয়ে যিটো তোমাকে আগতে জনা নাছিলা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক