ছূৰা 2 · জুজ 2

Al-Baqarah · 2:150

وَمِنْ حَيْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ۚ وَحَيْثُ مَا كُنْتُمْ فَوَلُّوا وُجُوهَكُمْ شَطْرَهُ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَيْكُمْ حُجَّةٌ إِلَّا الَّذِينَ ظَلَمُوا مِنْهُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِي وَلِأُتِمَّ نِعْمَتِي عَلَيْكُمْ وَلَعَلَّكُمْ تَهْتَدُونَ

আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, মছজিদুল হাৰামৰ ফালে তোমাৰ মুখ ঘূৰাই লোৱা, আৰু তোমালোকেও য’তেই নাথাকা কিয় ইয়াৰ ফালেই তোমালোকৰ মুখ কৰা, যাতে তোমালোকৰ বিপক্ষে মানুহৰ বাবে বিতৰ্ক কৰাৰ একো নাথাকে; কিন্তু সিহঁতৰ মাজত থকা যালিমসকলৰ বাহিৰে। গতিকে তোমালোকে সিহঁতক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা; এই কাৰণে যে, যাতে আমি তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ পৰিপূৰ্ণ কৰিব পাৰো আৰু যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা।

তাফছীৰ

হে নবী! আপুনি য’ৰ পৰাই নোলাওক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লওক। লগতে হে মুমিনসকল! তোমালোকে য’তেই নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। যাতে মানুহে তোমালোকৰ বিৰুদ্ধে কোনো দলীল বিচাৰি নাপায়। কিন্তু অন্যায়কাৰী লোকসকলৰ কথাটো বেলেগ। কিয়নো সিহঁত বিদ্বেষপূৰ্ণ আচৰণত অটল থাকিব আৰু তোমালোকৰ বিৰুদ্ধে দুৰ্বলতকৈ দুৰ্বল প্ৰমাণ প্ৰস্তুত কৰি থাকিব। এতেকে তোমালোকে সিহঁতক ভয় নকৰিবা, বৰং নিজ প্ৰতিপালকৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। প্ৰকৃততে আল্লাহে কাবা ঘৰৰ পিনে মুখ কৰাৰ আদেশ এই কাৰণেই দিছে যাতে তোমালোকক আন আন সম্প্ৰদায়ৰ পৰা পৃথক পৰিচয় প্ৰদান কৰি তোমালোকৰ ওপৰত তেওঁৰ নিয়ামতসমূহ সম্পূৰ্ণ কৰিব পাৰে লগতে যাতে তোমালোকক সৰ্বশ্ৰেষ্ঠ কিবলাৰ পিনে হিদায়ত দিয়ে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক