ছূৰা 2 · জুজ 2

Al-Baqarah · 2:149

وَمِنْ حَيْثُ خَرَجْتَ فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ۖ وَإِنَّهُ لَلْحَقُّ مِنْ رَبِّكَ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ

আৰু তুমি য’ৰ পৰাই নোলোৱা কিয়, তুমি মছজিদুল হাৰামৰ ফালে মুখ কৰা; নিশ্চয় এইটো তোমাৰ প্ৰতিপালকৰ পৰা পঠোৱা সত্য; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।

তাফছীৰ

হে নবী! আপুনি আৰু আপোনাৰ অনুসাৰীসকলে য’ৰ পৰাই নোলাওঁক আৰু যি ঠাইতে অৱস্থান নকৰক কিয়, ছালাত আদায় কৰিব বিচাৰিলে মছজিদে হাৰামৰ পিনে মুখ কৰি লয় যেন। কাৰণ এইটোৱে আপোনাৰ প্ৰতিপালকৰ সত্য আদেশ যিটো অহীৰ দ্বাৰা আপোনাক জনোৱা হৈছে। আল্লাহ আপোনালোকৰ কৰ্মৰ পৰা অমনোযোগী নহয়। তেওঁ এই বিষয়ে সম্যক অৱগত আৰু তেওঁ ইয়াৰ প্ৰতিদানো প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক