ছূৰা 2 · জুজ 2
Al-Baqarah · 2:142
۞ سَيَقُولُ السُّفَهَاءُ مِنَ النَّاسِ مَا وَلَّاهُمْ عَنْ قِبْلَتِهِمُ الَّتِي كَانُوا عَلَيْهَا ۚ قُلْ لِلَّهِ الْمَشْرِقُ وَالْمَغْرِبُ ۚ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
মানুহৰ মাজৰ পৰা নিৰ্বোধসকলে অনতিপলমে ক’ব যে, ‘ইমান দিনে সিহঁতে যি কিবলাৰ অনুসৰণ কৰি আহিছিল তাৰ পৰা কিহে সিহঁতক বিমুখ কৰালে? কোৱা, ‘পূৱ আৰু পশ্চিম আল্লাহৰেই। তেওঁ যাক ইচ্ছা সৰল পথৰ হিদায়ত প্ৰদান কৰে’।
তাফছীৰ
অজ্ঞান তথা নিৰ্বোধ ইয়াহুদী আৰু সিহঁতৰ লগত হয় ভৰ দিয়া মুনাফিকসকলে নিশ্চয় কব যে, ইতিপূৰ্বে দেখুন মুছলিমসকলৰ কিবলা বাইতুল মাক্বদিছ আছিল, এতিয়া কিয় সেই কিবলা পৰিত্যাগ কৰিলে? হে নবী! আপুনি কৈ দিয়ক, পূৱ, পশ্চিম আৰু সকলো দিশৰ ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ তেওঁৰ বান্দাসকলক যিপিনে ইচ্ছা সেই পিনেই মুখ কৰিবলৈ আদেশ দিব পাৰে। তেওঁ নিজ বান্দাসকলৰ যাকে ইচ্ছা তাকেই পোন বাটৰ হিদায়ত দিয়ে যি বাটত কোনো বক্ৰতা নাই আৰু ভ্ৰষ্টতাও নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক