ছূৰা 2 · জুজ 1
Al-Baqarah · 2:141
تِلْكَ أُمَّةٌ قَدْ خَلَتْ ۖ لَهَا مَا كَسَبَتْ وَلَكُمْ مَا كَسَبْتُمْ ۖ وَلَا تُسْأَلُونَ عَمَّا كَانُوا يَعْمَلُونَ
তেওঁলোক আছিল এনেকুৱা এটা জাতি, যিসকল অতীত হৈ গৈছে। তেওঁলোকে যি অৰ্জন কৰিছে সেয়া তেওঁলোকৰ বাবে, আৰু তোমালোকে যি অৰ্জন কৰিছা সেয়া তোমালোকৰ বাবে; আৰু তেওঁলোকে যি কৰিছিল সেই সম্পৰ্কে তোমালোকক প্ৰশ্ন কৰা নহ’ব।
তাফছীৰ
সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা এটা সম্প্ৰদায়। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে তেওঁলোকৰ কৰ্ম তেওঁলোকৰ, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব। আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহী নহব। লগতে কোনেও আনৰ আমলেৰে লাভাম্বিত নহব। বৰং প্ৰত্যেককে নিজ নিজ কৰ্মৰ প্ৰতিদান দিয়া হব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক