ছূৰা 2 · জুজ 2
Al-Baqarah · 2:143
وَكَذَٰلِكَ جَعَلْنَاكُمْ أُمَّةً وَسَطًا لِتَكُونُوا شُهَدَاءَ عَلَى النَّاسِ وَيَكُونَ الرَّسُولُ عَلَيْكُمْ شَهِيدًا ۗ وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِي كُنْتَ عَلَيْهَا إِلَّا لِنَعْلَمَ مَنْ يَتَّبِعُ الرَّسُولَ مِمَّنْ يَنْقَلِبُ عَلَىٰ عَقِبَيْهِ ۚ وَإِنْ كَانَتْ لَكَبِيرَةً إِلَّا عَلَى الَّذِينَ هَدَى اللَّهُ ۗ وَمَا كَانَ اللَّهُ لِيُضِيعَ إِيمَانَكُمْ ۚ إِنَّ اللَّهَ بِالنَّاسِ لَرَءُوفٌ رَحِيمٌ
আৰু এনেকৈ আমি তোমালোকক এটা মধ্যপন্থী জাতিত পৰিণত কৰিছো, যাতে তোমালোক মানৱ জাতিৰ ওপৰত সাক্ষী হোৱা আৰু ৰাছুলে তোমালোকৰ ওপৰত সাক্ষী হ’ব পাৰে; আৰু তুমি ইমান দিনে যিটো কিবলাৰ অনুসৰণ কৰি আছিলা সেইটোক আমি এই উদ্দেশ্যে কিবলাত পৰিণত কৰিছিলো, যাতে প্ৰকাশ কৰি দিব পাৰো যে, কোনে ৰাছুলৰ অনুসৰণ কৰে আৰু কোনে পিছফালে উভতি যায়? আল্লাহে যিসকলক হিদায়ত কৰিছে সিহঁতৰ বাহিৰে আনৰ বাবে এইটো এটা নিশ্চিত কঠিন কাম। আল্লাহ এনেকুৱা নহয় যে, তোমাোলকৰ ঈমান ব্যৰ্থ কৰি দিব। নিশ্চয় আল্লাহ মানুহৰ প্ৰতি সহানুভূতিশীল, পৰম দয়ালু।
তাফছীৰ
যিদৰে আমি তোমালোকৰ বাবে নিজৰ পছন্দ অনুযায়ী কিবলা নিৰ্বাচন কৰিছো, সেইদৰে আমি তোমালোকক আক্বীদাহ, ইবাদত আৰু লেনদেনৰ ক্ষেত্ৰতো সকলো উম্মতৰ মাজত উত্তম, ন্যায় পথত পৰিচালিত তথা মধ্যৱৰ্তী উম্মত বনাইছো। যাতে তোমালোকে কিয়ামতৰ দিনা সকলো ৰাছুলৰ সপক্ষে সাক্ষী হব পাৰা যে, তেওঁলোকে নিজ উম্মতক আল্লাহৰ দ্বীন পৌঁচাই দিছিল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ বিষয়ে এই সাক্ষ্য প্ৰদান কৰিব যে, তেওঁ তোমালোকক আল্লাহৰ দ্বীন পৌঁচাই দিছে। আৰু আমি বাইতুল মাক্বদিছৰ ঠাইত কাবা ঘৰক কিবলা এই কাৰণে বনাইছো, যাতে এই কথা স্পষ্ট হয় যে, আল্লাহৰ ফয়চালাত কোন সন্তুষ্ট হৈ শিৰ নত কৰে আৰু ৰাছুলৰ অনুসৰণ কৰে। লগতে এই কথাও যাতে স্পষ্ট হয় যে, কোন তেওঁৰ ধৰ্মৰ পৰা আঁতৰি প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু আল্লাহৰ ফয়চালাক অৱজ্ঞা কৰে। যদিও প্ৰথম কিবলা পৰিবৰ্তনৰ আদেশটো আছিল বৰ ডাঙৰ বিষয়, কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু এই কথা বিশ্বাস কৰে যে, আল্লাহৰ কোনো আদেশেই ৰহস্যহীন নহয় তেনে ব্যক্তিৰ বাবে এই আদেশটো কোনো ডাঙৰ কথা নহয়। আৰু আল্লাহে তোমালোকৰ ঈমান বিনষ্ট নকৰিব; কিবলা পৰিবৰ্তন হোৱাৰ পূৰ্বে আদায় কৰা ছলাতসমূহ ঈমানৰেই অন্তৰ্ভুক্ত। প্ৰকৃততে আল্লাহ মানুহৰ বাবে অত্যন্ত কৰুণাময়, দয়াৱান। সেয়ে তেওঁ তোমালোকক কষ্টও দিব নিবিচাৰে আৰু তোমালোকৰ কৰ্মকো ব্যৰ্থ কৰিব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক