ছূৰা 2 · জুজ 1
Al-Baqarah · 2:137
فَإِنْ آمَنُوا بِمِثْلِ مَا آمَنْتُمْ بِهِ فَقَدِ اهْتَدَوْا ۖ وَإِنْ تَوَلَّوْا فَإِنَّمَا هُمْ فِي شِقَاقٍ ۖ فَسَيَكْفِيكَهُمُ اللَّهُ ۚ وَهُوَ السَّمِيعُ الْعَلِيمُ
এতেকে তোমালোকে যেনেকৈ ঈমান আনিছা সিহঁতেও যদি তেনেকৈ ঈমান আনে, তেন্তে নিশ্চয় সিহঁত হিদায়ত প্ৰাপ্ত হ’ব; আৰু যদি সিহঁতে মুখ ঘুৰাই লয়, তেন্তে সিহঁত আছে কেৱল বিৰোধিতাত লিপ্ত, এতেকে সিহঁতৰ বিপক্ষে তোমাৰ বাবে আল্লাহেই যথেষ্ট; আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
তাফছীৰ
এতেকে এতিয়া যদি ইয়াহুদী, খৃষ্টান আৰু আন আন কাফিৰসকল তোমালোকৰ দৰে ঈমান আনে তেন্তে সিহঁতে সেই পোন পথৰ হিদায়ত পাব যিটো আল্লাহে পছন্দ কৰে। কিন্তু যদি ঈমানৰ পৰা বিমুখ হয় লগতে সকলো অথবা কিছুমান নবীক অস্বীকাৰ কৰে তেন্তে জানি থোৱা! সিহঁত বিভেদ আৰু শত্ৰুতাত লিপ্ত হৈছে। এতেকে হে নবী! আপুনি চিন্তা নকৰিব। কিয়নো আল্লাহে আপোনাক সিহঁতৰ নিৰ্যাতনৰ পৰা বচাবলৈ আৰু সিহঁতৰ অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ অকলেই যথেষ্ট। তেওঁ সিহঁতৰ কথা শুনে আৰু সিহঁতৰ সংকল্প ও কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক