ছূৰা 2 · জুজ 1
Al-Baqarah · 2:138
صِبْغَةَ اللَّهِ ۖ وَمَنْ أَحْسَنُ مِنَ اللَّهِ صِبْغَةً ۖ وَنَحْنُ لَهُ عَابِدُونَ
আল্লাহৰ ৰঙেৰে ৰঞ্জিত হোৱা; আৰু আল্লাহৰ ৰঙতকৈ আৰু কাৰ ৰং বেছি সুন্দৰ হ’ব পাৰে? আৰু আমি তেওঁৰেই ইবাদতকাৰী।
তাফছীৰ
আল্লাহৰ দ্বীনক বাহ্যিক আৰু আভ্যন্তৰীণভাৱে গ্ৰহণ কৰা। আল্লাহৰ দ্বীনতকৈ সুন্দৰ আন কোনো দ্বীন নাই। এইটো প্ৰকৃতিৰ অনুকূল, লাভপ্ৰদ আৰু ক্ষতিৰ পৰা ৰক্ষাকাৰী দ্বীন। সিহঁতক কৈ দিয়া যে, আমি কেৱল এক আল্লাহৰ ইবাদত কৰো তাৰ লগত আন কাকো অংশী নকৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক