ছূৰা 2 · জুজ 1
Al-Baqarah · 2:136
قُولُوا آمَنَّا بِاللَّهِ وَمَا أُنْزِلَ إِلَيْنَا وَمَا أُنْزِلَ إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَمَا أُوتِيَ مُوسَىٰ وَعِيسَىٰ وَمَا أُوتِيَ النَّبِيُّونَ مِنْ رَبِّهِمْ لَا نُفَرِّقُ بَيْنَ أَحَدٍ مِنْهُمْ وَنَحْنُ لَهُ مُسْلِمُونَ
তোমালোকে কোৱা, ‘আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু যি আমাৰ প্ৰতি অৱতীৰ্ণ হৈছে লগতে তাৰ প্ৰতিও ঈমান আনিছো যি অৱতীৰ্ণ হৈছে ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াকূব আৰু তেওঁৰ বংশধৰসকলৰ প্ৰতি, আৰু মুছা, ঈছা লগতে অন্যান্য নবীসকলক তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি প্ৰদান কৰা হৈছে (তাৰ প্ৰতিও ঈমান আনিছো)। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো; আৰু আমি তেওঁৰেই ওচৰত আত্মসমৰ্পণকাৰী।
তাফছীৰ
হে ঈমান্দাৰসকল! এই অসত্য দাবী কৰা ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়কঃ আমি ঈমান আনিছো আল্লাহৰ প্ৰতি আৰু সেই কোৰআনৰ ওপৰত যিটো আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে তাৰ ওপৰতো ঈমান আনিছো যিটো ইব্ৰাহীম আৰু তেওঁৰ পুত্ৰ ইছমাঈল, ইছহাক্ব আৰু ইয়াকূবৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। এইদৰে আমি ঈমান আনিছো তাওৰাতৰ ওপৰত যিটো মূছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। আৰু ইঞ্জীলৰ ওপৰত যিটো ঈছাৰ প্ৰতি অৱতীৰ্ণ হৈছিল। লগতে সেই সকলো পুথিৰ ওপৰত যিবোৰ আন আন নবীসকলৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছিল। আমি তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নকৰো যে, কিছুমানৰ প্ৰতি ঈমান আনিম আকৌ আন কিছুমানক অস্বীকাৰ কৰিম। বৰং আমি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰোঁ। আৰু একমাত্ৰ পৱিত্ৰ আল্লাহৰ আজ্ঞা পালন কৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক